ফেচবুকৰ বিচিত্র মানুহ..!!
ফেচবুক মুৰ্গা- সদায় ৰাতিপুৱা হ'লেই গুড মৰ্নিং দি ৰাইজক জগোৱা তেওঁৰ প্রিয় কাম
ফেচবুক চেলিব্রিটী- এওঁলোকে বন্ধুৰ সংখ্যা বৃদ্ধি কৰি চেলিব্রিটী হবলৈ যধে মধে বন্ধু এড্ কৰে।
ফেচবুক বাবা- এই শ্রেণীৰ মানুহে কেৱল ভগৱানক উদ্দেশ্য কৰি হে পোষ্ট দিয়ে আৰু ভাল ভাল উদ্ধৃতি দিয়ে।
ফেচবুক কুম্ভীলক- এইবিধৰ মানুহে বেলেগৰ ষ্টেটাছ চুৰ কৰি নিজৰ নামত পোষ্ট কৰে, অৰ্থাৎ আনৰ পিঠাৰে বিহু খায়।
ফেচবুক দেৱদাস- এই জাতৰ মানুহে কেৱল নিৰাশাজনক আৰু কৰুন কবিতা পোষ্ট কৰে আৰু নিজৰ দুখৰ বতৰা ৰাইজক বিলাই ফুৰে
ফেচবুক নিউজ ৰিপৰ্টাৰ- এওঁলোকে দেশ আৰু দুনিয়াৰ বা-বতৰা পোষ্ট কৰি ভাল পায়, ৰাইজেও উপকৃত হয়।
ফেচবুক কমেণ্টেটৰ- এই শ্রেণীয়ে আকৌ নিজে একো পোষ্ট নকৰে, কিন্তু লোকৰ পোষ্টৰ ওপৰত কমেণ্ট দিয়াত সিদ্ধহস্ত।
ফেচবুক অনুবাদক- এই বিধ মানুহে বিভিন্ন পে'জৰ ভাল ভাল পোষ্ট মাতৃভাষালৈ অনুবাদ আৰু অলপ সংযোজন কৰি পোষ্ট কৰে আৰু আনৰ পিঠাৰে বিহু খায় (যেনে মই)
ফেচবুক বিদূষক- এওঁলোক ব্যক্তিগত জীৱনত যিমানেই অসুখী নহওক কিয়, সদায় পোষ্ট আৰু কমেণ্ট দি আনক সুখী কৰি ভাল পায়
ফেচবুক বিচাৰক- এই শ্রেণীয়ে বিচাৰকৰ ভূমিকা লবলৈ উদগ্রীৱ হৈ থাকে। ক'ৰবাত বাক- বিতণ্ডা হলেই উপযাচি বিচাৰ কৰি 'ন্যায়' প্রদান কৰিবলৈ ভাল পায়
ফেচবুক প্লে'বয়- এই শ্রেণীৰ মানুহে ফেচবুকত প্রেমৰ আখৰা কৰি ভাল পায়। ছোৱালী দেখিলেই ফ্রেণ্ড ৰিকুৱেষ্ট পঠায় আৰু ছোৱালী পটাবলৈ আপ্রাণ চেষ্টা কৰে।
ফেচবুক কবি-এই কবি সকলে দিনটোত কমেও একডজন কবিতা লিখে আৰু বিভিন্ন গোটত পোষ্ট কৰে। ৰাইজে কিমান ভাল পাইছে বা আমনি পাইছে এই বিষয়ে তেওঁ নিৰ্বিকাৰ
ফেচবুক সমালোচক- এইটো জাতিৰ মানুহে দোষ খুচৰি ভাল পায়। ভাল পোষ্টত লাইক বা কমেণ্ট নকৰে, কিন্তু কাৰোবাৰ ভুল দেখা পালেই সমালোচনা কৰিবলৈ উঠিপৰি লাগে
ফেচবুক খিলাড়ী- এই খিলাড়ীবোৰে ফেচবুক কেৱল গেইম খেলিবৰ বাবেহে ব্যৱহাৰ কৰে
ফেচবুক বান্দৰ- এইবিধ প্রাণীয়ে কমেণ্টত একো নকয়, কেৱল হাহা, হিহি নাইবা খিকখিক কৰিয়েই দায়িত্ব পালন কৰে
ফেচবুক কালেক্টৰ- এই বিশেষ শ্রেণীৰ মানুহে কেৱল বিভিন্ন গোট আৰু পে'জত জইন কৰি ভাল পায়, কিন্তু ক'তো একো কমেণ্ট বা লাইক নকৰে। আলেঙে আলেঙে চাই হে থাকে।
ফেচবুক লাইকাৰ- এই জাতৰ মানুহৰ আত্মবিশ্বাস কম হয়, সেয়ে কেৱল লাইক কৰিয়েই ক্ষান্ত থাকে। কিবা পোষ্ট বা কমেণ্ট কৰিবলৈ এওঁলোকে বৰ ভয় কৰে, জানোচাঁ এটাও লাইক নাহে....!
ফেচবুক জোকাৰ- এই বিধ প্রাণীৰ বাবে ফেচবুকত টাইম পাছ কৰিবলৈ bore নালাগে। এইবোৰৰ কাণ্ড কাৰখানাই আপোনাক আমোদ দি থাকে। এইবোৰে কোন মুহূৰ্তত কি প'ষ্ট কৰিব নিজেই নাজানে। আপুনি ভাল নাপালেও unfriend কৰিব নোৱাৰে !
আপুনি কোনটো শ্রেণীত পৰে?
By Collection.