ঘৰুৱা কেইটামান উপদেশ:
1. যদি আপোনাক কুকুৰে কামোৰে তেনে আপুনি ওলোটাই কামুৰি দিব,হিচাপ সমান সমান ....2. গাখীৰ ফাটিলে ভাল ৰছীৰে চিলাই দিব , কোনেও গমেই নাপাব ....3. যদি আপোনাৰ খুব চুলি সৰে তেনে মুণ্ডন কৰি পেলাওক , কেতিয়াও নসৰে.....4. নিজৰ গাৰ ৰঙ গা কৰিবলে মন গ’লে মাছ খাই গাখীৰ খাই দিব, বগা হৈ আহিব....5. যদি ডিঙিৰ বিষ হৈছে তেনে কাৰোবাক টেটু চেপি দিবলে কওক, আকৌ কেতিয়াও নিবিষাব ....6. আপোনাৰ ভৰি ফাটিলে ক্রীম খনাতকে বেজীৰে চিলাই পেলাওক....7. যদি আপোনাৰ হাতৰ বিষ হৈছে তেনে এটা হাতুৰীৰে ভৰিত মৰিয়াই যাওক , বিশ্বাস কৰক আপুনি হাতৰ বিষ পাহৰি যাব....8. যদি দাঁত্ত পোক আছে তেনে এমাহলৈ একো নাখাব , পোকতো ভোকত মৰি থাকিব ...9. যদি আপোনাৰ ৰাতি টোপনি নাহে তেনে দিনত শুৱক .
ভগৱান –উস ...এতিয়া কন্দুৱাবি নেকি? যা যা ভিতৰলে যা...
1. তিনিজন মানুহ স্বর্গৰ দুৱাৰমুখত ৰৈ আছে ।পুজাৰী,ডাক্তৰ, শিক্ষকভগৱা্ন : মাত্র এটা ছিট খালী আছে , নিজৰ কিবা টেলেণ্ট দেখা।১ম :মই পুজাৰী আছিলো। গোটেই জীৱন তোমাৰ সেৱাতে বর্তি থাকিলো।২য়ঃ মই ডাক্তৰ আছিলো। গোটেই জীৱন মানুহৰ সেৱা কৰিলো।৩য় :মই শিক্ষক আছিলো মই শিক্ষা দিয়াৰ লগতে লোকপিয়ল, লোকসভা নির্বাচন, বিধানসভা নির্বাচন, চেমিনাৰ, প’লিও, মধ্যাহ্নভোজন, বর্ড পৰীক্ষা, ইউনিভার্ছিটী পৰীক্ষা, CBSE, ICSE, SSC, HSC.....
2. নদীত গা ধুবলৈ লাজ লাগে ,আৰু ছুইমিং পুলত সাতুঁৰাতো ফেচন বুলি ভাবে ....দুখীয়াক এটকা এটাও দিব নোৱাৰে,আৰু হোটেলত অপ্রয়োজনীয় বস্তু খাব পাৰে....মাক-বাপেকক এগিলাছ পানী আনি দিব নোৱাৰে ,আৰু কোনোবা নেতাক দেখিলে ৱেটাৰ হ’বলৈও সাজু হৈ যায়....ডাঙৰৰ আগত মূৰ দূৱাবলে বেয়া পায় ,কিন্তু ফাল্টু নেতাৰ আগত ....!!ঘৰত পিৰাত বহি ভাত খাবলে লাজ লাগে ,আৰু ফটুৱা পার্টীবোৰত লাইন পাতি থিয় হৈ খানা খাই ভাল লাগে....ভনীয়েকে কিবা বিছাৰিলে অদৰকাৰী খৰচ,আৰু গার্লফ্রেণ্ডৰ ডিমাণ্ডক সৌভাগ্য বুলি ভাবে ....দুখীয়া মানুহৰ শাক-পাচলি কিনিবলে চৰম,শ্বপিং মলত বেহুদা বস্তু কিনিবলে ভাল লাগে....বাপেক মৰিলে মুণ্ডন কৰিবলে বেয়া পায়,আৰু “গজনী’ৰ কাট দিবলৈ ভাল পায়....কোনোবা বামুন পণ্ডিতে যদি টিকনি ৰাখে তাক ক’ব এণ্টিনা,আৰু একে ষ্টাইলত শাহুৰুখ খানে ৰাখিলে ‘কিংখান’....খেতিয়কসকলে উৎপাদন কৰা শস্য বেয়া বুলি নাখায়,আৰু সেইখিনিকে পলিছ কৰি কোম্পানীয়ে বেচিলে ভাল....আৰে অলপতো চৰম কৰা ....ফেচনৰ নামত তোমালোক সদায় বুর্বক বনি আহিছা ....যদি এই বুর্বকামীকেই ফেচন বোলা হয়,তেনে তেনেকুৱা ফেচন আপুনিয়েই কৰক
কি ভাবি আছা.....বন্ধুসকল।