INCREDIBLE ASSAM

Wednesday, 11 June 2014

Collection Jokes


1. যদি ভাৰতৰ 121 কোটি মানুহৰ ভিতৰত 10% মানুহ
প্রতিদিনে 10 টকা খৰচ কৰে তেনে এমাহত হ’ব প্রায় " 3600
কোটি"...!!!! তেনে যদি আপুনি...
কোকাক’লা বা পেপছী খাই তেনে " 3600 কোটি "
টকা এমাহত দেশৰ পৰা ওলাই যায়....কাৰণ এই সকলোবোৰ
বিদেশী কোম্পানী...।আপুনি জানি আচৰিত হ’ব যে ইয়াৰ
ওপৰত কোনেও গুৰুত্ব নিদিয়ে ....••••
কোকাক’লা বা পেপছীয়ে গৰমৰ দিনত প্রতিদিনে প্রায়
" 7000 কোটি " টকা লুটি লৈ যায়...।
আপুনালৈ অনুৰোধ ....
গৰমৰ দিনকেইটা পাৰিলে কুহিঁয়াৰ/ নাৰিকল/ আম/ আন ফলৰ
ৰস খাওক আৰু দেশৰ প্রায় " 7000 কোটি " টকা বচাই এই
খেতিয়কক দিয়ক...।
""খেতিয়কসকলৰ অর্থনৈতিক উন্নতি হ’ব...""
যদি আমি সকলোৱে.... কোকাক’লা, পেপছী এৰি দিও তেনে
" 1 কোটি " মানুহে সংস্থাপন পাব আৰু ১০ টকা দামৰ ৰস ৫
টকালে নামি আহিব...।
পেপছী- ক’কৰ বটলত সোমাই থকা
"" বিহ"" খিনিৰ উৎপাদিত দাম কিমান....?
•••• "70 পইছা" আৰু বিক্রী কৰে
""10 টকাত""......
স্বদেশী বস্ত ব্যৱহাৰ কৰক ,দেশক শক্তিশালী কৰক..
By সংগ্ৰহ
2. বিয়াৰকাৰনেছোৱালী চাবলৈ গৈ গৈ চান্তা ভাগৰি পৰিছে তথাপি কোনো এজনীৰে লগতচান্তাৰ জোৰানিমিলে !!তথাপি আকৌ এজনী ছোৱালী চাবলৈ গল চান্তা !!ছোৱালীৰ দেউতাক:- (চান্তাৰ প্ৰতি )তুমি প্ৰিং কৰানে ??চান্তা:- হয় মই সদায় কৰো !!দেউতাক:- চিগাৰেট খোৱানে??চান্তা:- হয় মই সদায় খাও !!দেউতাক:- জোৱা খেলানে??চান্তা:- হয়দেউতাক :- কাজিয়া পেচাল কৰানে??চান্তা:- হয়দেউতাক:- তোমাৰ সকলোতে নিগেটিভ আছে!!পজিটিভ কিবাআছেনে??চান্তা:- হয়আছে..............HIV +collection
By সংগ্ৰহ
3.জোনবাই ২০৫০" ৰ তৃতীয়টি গীত
গীতৰ উত্‍স: "এদিন সচাঁকৈ আমাৰ সুখ আহিব, তৰা জোনে হাঁহি হাঁহি আমালৈ চাব..."
(সুৰ মিলাই গাই চাব; ভাল পালে লাইক দিব)
@জোনবাই ২০৫০@
এদিন সচাঁকৈ আমাৰ সুখ আহিব;
4G ইণ্টাৰেট অসমতে সুলভ হৈ পৰিব।
টেকনলজি বেছি হব,
পঢ়াৰ বোজা কমিব,
ফেচবুক চাটিংৰ লাইন সদায়ে বৈ থাকিব।

3G 4G কলিং সদায়ে বৈ থাকিব।।
এদিন সপোনবোৰ সচাঁ হৈ পৰিব;
মাছির্ডিছ, ফেৰাৰীয়ে আমাৰ গলি ভৰিব।
ওখ ওখ বহু মল আমাৰে কেউদিশে,
গঢ়ি গঢ়ি আমাক হাঁহিবলৈ শিকাব।

অট্রালিকায়ে আমাৰ নতুন সমাজ গঢ়িব।।
এদিন সপোনবোৰ সচাঁ হৈ পৰিব;
বুঢ়া বুঢ়ী ঝামেলাবোৰ নোহোৱা হব।
টেকনলজি বাঢ়িব,
আমাৰ কষ্ট কমিব,
লাহে লাহে অসম আমেৰিকা হৈ পৰিব।

লাহে লাহে বিদেশ স্বদেশতে গঢ়িব।।
যদি বিহু গীতবোৰ নোহোৱা হৈ পৰে;
ভূপেন দা; বিষ্ণু ৰাভাক আমাৰ লৰাই পাহৰে।
ভাগৰি নপৰো দেই; চকুলো নুটুকো দেই;
হাঁহি হাঁহি শিকাম মর্ডান নাচ-গানকে

By Collection
নাচিব নাজানে চোতাল বেকা Facebook page
4. এজন ডাক্তৰে এখন ক্লিনিক খুলিলে আৰু ক্লিনিক
খনৰ সন্মুখত এখন ছাইনবর্ডত লিখি থ’লে :
সকলো ধৰনৰ চিকিত্সা কেৱল ১০০ টকাত কৰা হ’ব
আৰু যদি চিকিত্সা কৰিব নোৱাৰো,
তেন্তে আমি আপোনাক ২০০ টকা ওভোটাই দিম ।
একো অসুখ নোহোৱা এজন ব্যক্তিয়ে ২০০ টকা নিজৰ
হাতলৈ অনাৰ পাং পাতি ক্লিনিক খনলৈ আহিল ।
তেওঁ ডাক্তৰ জনক ক’লে :
‘‘মই মোৰ জিভাখনত একো সোৱাদ অনুভব কৰিব
নোৱাৰা হৈছো !’’
ডাক্তৰ জনে তেওঁৰ সহাকাৰী জনক ২২ নম্বৰ ঔষধৰ
বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ
জিভাত দি দিবলৈ ক’লে ।
ঔষধ কেইটোপাল জিভাত পৰাৰ লগে-লগেই
মানুহজনে চিঞৰি উঠিল...
‘‘ইছ ৰাম ! ইমান তিতা !!’’
ডাক্তৰ জনে হাঁহি এটা মাৰি ক’লে :
‘‘Congratulasion, আপোনাৰ জিভাৰ অনুভব
শক্তি ঘূৰি আহিল ।’’
এশ টকা যোৱাৰ খঙত মানুহজন জ্বলি-পকি উঠিল
আৰু দুসপ্তাহ পাছত আগৰ এশ টকাৰ লগতে আৰু এশ
টকা ঘূৰাই লোৱাৰ উদেশ্যেৰে পূণৰ ক্লিনিক
খনলৈ আহিল ।
মানুহজন :- ছাৰ, মই মোৰ স্মৃতি শক্তি হেৰুৱাই
পেলালো, আগৰ কথা মোৰ এতিয়া অলপো মনত
নাই !
ডাক্তৰ জনে তেওঁৰ সহকাৰী জনক ২২ নম্বৰ ঔষধৰ
বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ
জীভাত দি দিবলৈ ক’লে ।
সহকাৰী জনে ঔষধ দিবলৈ লোৱাত
মানুহজনে আচৰিত হৈ সুধিলে :
‘‘ৰ’ব ছাৰ, এই ঔষধটো দেখোন জিভাৰ অনুভব
শক্তি ঘূৰাই অনাৰ বাবেহে!?’’
ডাক্তৰ :- Congratulasion, আপোনাৰ স্মৃতি শক্তিও
ঘূৰি আহিল ।
By Collection
5.
6. শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি শিক্ষক
কচোন মাদ্ৰাজৰ নামটো চেন্নাই কিয় হল ?
কণটিলৌ : (টপৰাই) ছাৰ, চেন্নাইৰ
মানুহবোৰে লুংগি পিন্ধে আৰু লুংগিত চেইন
নাথাকে সেইকাৰণে মাদ্ৰাজৰ নামটো সলাই
চেন্নাই ৰাখিলে ।
বি: দ্ৰ: চেন্নাই = চেইন + নাই
By Collection



দত্ত :হৌৰা, এই টিভিটো কেইটকাত দিবা?দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো ৷দত্ত(এক মাহৰ পিছত দাৰি-চুলি কাটি একদম ফিটফিটিয়া হৈ)ঃ হেৰা, এই টিভিটোৰ দাম কিমান?দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!আকৌ এক মাহৰ পিছত দত্ত এইবাৰ ফৰ্মেল দ্ৰেছত দন্দায়মান...দত্ত(ইংলিচত হে আকৌ) : হাউ মাছ ফৰ দিচ টিভি?দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো ৷ৰণচণ্ডীমূৰ্তি ধৰি দত্ত এইবাৰ গৰজি উঠিল..."হৌৰা, বাৰে বাৰে তুমি মোক কেনেকৈ গাঁওলীয়া ভূত বুলি চিনি পোৱা হে?"দোকানীঃ এইটোক মাইক্ৰৱেভ অভেন বুলি কয় ৰে গৰু ৷
By Collection


টেটোনে এবাৰ সেনা বাহিনীৰ গাড়ী এখন চলাই নি আছিল ,হঠাত্‍ গাড়ীখনৰ ষ্টার্ত বন্ধ হল । মেজৰে সুধিলে কি হল ?
টেটোনঃ চাহাৱ ,গাড়ীত তেল নাই আৰু পেট্ৰোল পাম্পলৈ ১০কিলোমিটাৰ আছে গাড়ীখন ঠেলি নিব লাগিব ।
ভাৰতীয় সেনা কোনো পদ্ধেই হাৰ নামানে ,মেজৰে সেনাসকলক গাড়ীখন ঠেলিবলৈ আদেশ দিলে আৰু নিজেওঁ ঠেলিলে ।টেটোনে আৰামত ষ্টেইৰিংত ধৰি বিড়ী এটা জলাই গৈ থাকিল ।
ইমান দুৰ ৰাস্তা !সেনাসকলৰ অৱস্থা কাহিল দুজনমান বেহুচ হল ,থকা কেইজনৰো অৱস্থা কাহিল ,অৱশেষত পেট্ৰোল পাম্প পালে ।মেজৰে টেটোনক কলে গাড়ীখনত ফুল টাংকি তেল ভৰাই লোৱা আৰু পিচফালে থকা ডাঙৰ দ্ৰামটোতো তেল ফুল কৰি লোৱা ।
টেটোনঃ চাহাৱ ,দ্ৰামটোত তেল ফুল হৈ আছে ।
মেজৰঃ তেনেহলে সেইটোৰ পৰা তেল কিয় নভৰালা ?
টেটোনঃ চাহাৱ ,সেইটো কেৱল ইমাৰজেঞ্চিত ব্যৱহাৰ কৰাৰ বাবেহে ৰাখি থৈছো ।
মেজৰ লগে লগে বেহুচ ।


By Collection